March 24, 2025 11:17 AM March 24, 2025 11:17 AM

views 5

সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান

জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ ঘন জংঘলত নিৰাপত্তাৰক্ষীয়ে কালি সীমান্তৰ সিপাৰৰ পৰা অহা এটা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। সন্ত্রাসবাদী গোটটোৱে পাকিস্তান সীমান্তৰ মাত্র ৫ কিলোমিটাৰ দূৰত্বত ঘাটি পতাৰ তথ্য চোৰাংচোৱাৰ পৰা লাভ কৰাৰ পাছতে এই অভিযান চলোৱা হয় বুলি এটা চৰকাৰী সত্ৰত প্ৰকাশ পাইছে। বিশেষ অভিযান গোটৰ এটা আৰক্ষীৰ দলে সন্ত্রাসবাদীসকল ঘাটি পাতি থকা অঞ্চলটোত প্ৰৱেশ কৰাৰ সময়তে সন্ত্রাসবাদীসকলে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ লোকেও প্রতি আক্রমণ চলায়। আধাঘণ্টা ...