January 21, 2025 11:21 AM

views 17

গণৰাজ্য দিৱস উপলক্ষে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

জম্মু-কাশ্মীৰত গণৰাজ্য দিৱস উপলক্ষে সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰাৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানটো উপ- ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ উপস্থিতিত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত তালাচী অভিযান বৃদ্ধি কৰা হৈছে। বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে স্পৰ্শকাতৰ সীম...