July 9, 2024 7:17 PM

views 16

জম্মু-কাশ্মীৰত সন্ত্রাসবাদীক কৰায়ত্তৰ বাবে সেনাবাহিনীৰ যুটীয়া অভিযান অব্যাহত

জম্মু-কাশ্মীৰত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত জড়িত সন্ত্রাসবাদীসকলক কৰায়ত্ত কৰাৰ বাবে যুটীয়া অভিযান অব্যাহত আছে। জম্মু-কাশ্মীৰত কালি কাঠুৱা জিলাৰ মাচেদি অঞ্চলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ পাছত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীকেইটাৰ সম্ভেদ উলিয়াবলৈ বৃহৎ যৌথ তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি স্থলপথেৰে তালাচী চলোৱা দলসমূহক হেলিকপ্টাৰ আৰু UAV নিৰীক্ষণৰ দ্বাৰা সহায় কৰা হৈছে। অঞ্চলটোৰ কিছুমান ঘন বনাঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অভিযানত স্নিফাৰ ডগ আৰু মেটেল...