October 15, 2024 11:15 AM

views 25

জম্মু-কাশ্মীৰত চৰকাৰ গঠনৰ বাবে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক উপ-ৰাজ্যপাল মনোজ সিনহাৰ আমন্ত্ৰণ

জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা ড০ ফাৰুক আব্দুল্লা তথা অন্যান্য সদস্য, আম আদমী পাৰ্টী, চি পি আই এম আৰু ভালেকেইগৰাকী নিৰ্দলীয় বিধায়ককে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছত উপ-ৰাজ্যপালগৰাকীয়ে এই আমন্ত্ৰণ জনায়। উপ-ৰাজ্যপালগৰাকীয়ে কাইলৈ পুৱা চাৰে ১১ বজাত শ্ৰীনগৰৰ এছ কে আই চি চিত নেতাগৰাকীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব বুলি উল্লেখ কৰে...