January 23, 2025 8:22 PM

views 16

জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণে জম্মু-কাশ্মীৰত অহা সাত দিনত বনজুই লগাৰ প্ৰৱল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতর্কতা জাৰি কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন অংশত, বিশেষকৈ জম্মু খণ্ডত বহু দিন ধৰি থকা শুকান বতৰৰ বাবে বনজুই লগাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে এনে ঘটনা সংঘটিত হ'লে তৎকালে কৰ্তৃপক্ষক অৱগত কৰিবলৈ নিৰ্দেশ দিছে। আজিৰে পৰা অহা ৩০ জানুৱাৰীলৈ এই সতর্কতা জাৰিৰ নিৰ্দেশ বাহাল থাকিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অ...