August 29, 2024 8:53 PM

views 15

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অৰ্ধসামৰিক বাহিনীৰ ৩০০টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হ’ব

কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰৰ পৰা হ'বলগীয়া তিনিটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত অৰ্ধসামৰিক বাহিনীৰ ৩০০টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হ'ব। অৰ্ধসামৰিক বাহিনী চি আৰ পি এফ, বি এছ এফ, এছ এছ বি আৰু আই টি বি পিৰ দলসমূহক জম্মু অঞ্চলৰ বিধানসভা নির্বাচন সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত এই অতিৰিক্ত অৰ্ধসামৰিক বাহিনীৰ কোম্পানীসমূহক জম্মু, কথুৱা, চাম্বা আৰু উধমপুৰ জিলাত সুৰক্ষা কাৰ্...