September 26, 2024 10:28 AM

views 22

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৫৪.১১ শতাংশ ভোটদান

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কালি সন্ধিয়া ৭ বজা পর্যন্ত ৫৪.১১ শতাংশ ভোটদান হয়। নির্বাচন আয়োগে ২৬টা বিধানসভা সমষ্টিত শান্তিপূর্ণভাৱে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে ভোটগ্রহণ অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিছে। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদাতা ৰাইজক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে অহা ১ অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব।

September 24, 2024 12:02 PM

views 20

কাইলৈ হ’বলগীয়া জম্মু-কাশ্মীৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰৰ বিধানসভাৰ কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত পাঁচখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নির্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ আৰু বুড়গাম আছে। এই পৰ্যায়ত প্রায় ২৫ লাখ ৭৮ হাজাৰ যোগ্য ভোটদাতাই ২৩৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ অন্ত পৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত তিনিটা পৰ্যায়ত বিধ...

September 23, 2024 8:45 PM

views 18

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰে। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হৈছে শ্ৰীনগৰ আৰু বাদগাম। এই পৰ্যায়ত ২৫ লাখতকৈও অধিক ভোটদাতাই ২৩৯ জন প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। নিৰ্বাচনৰ প্ৰক্ৰিয়া মসৃন আৰু আসোৱাহমুক্ত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগে ২৬ টা বিধানসভ...

September 19, 2024 12:13 PM

views 27

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটদান

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কালি ৬১ শতাংশৰো অধিক ভোটদান হয়। ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই পৰ্যায়ত ৰাজ্যখনৰ ৭ খন জিলা – ক্ৰমে পুলৱামা, শ্ব’পিয়ান, কুলগাম, কিষ্টৱাৰ, অনন্তনাগ, ৰামবাণ আৰু ডোডাৰ ২৪ টা সমষ্টি সামৰি লোৱা হয়। নিৰ্বাচন আয়োগে কৈছে যে প্রথম পৰ্যায়ত যুৱ আৰু মহিলা ভোটদাতাসকলে উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে আৰু ইয়াৰপৰা জন্মু-কাশ্মীৰৰ জনসাধাৰণে গণতন্ত্রক গভীৰভাৱে আঁকোৱালি লোৱাৰ কথা স্পষ্ট হৈ উঠিছে। আয়োগে ভোটদানৰ এই উৎসাহক বৰ্জন আৰু হিংসাৰ বিৰ...