September 29, 2024 7:56 PM

views 21

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিৰ অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ পর্যালোচনা

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিয়ে অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আৰক্ষী নিয়ন্ত্রণ কক্ষত আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে যিকোনো আইন শৃংখলা ভংগ কৰা অপ্রীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ পর্যবেক্ষণ কৰাৰ লগতে কাৰ্যপন্থাৰ প্ৰস্তুতি আৰু নিখুত পৰিকল্পনা কৰিবলৈ বিষয়াসকললৈ আহ্বান জনায়। তদুপৰি তেওঁ চাইবাৰ চেল আৰু তথ্য প্ৰযুক্তি তথা সামাজিক মাধ্যম কোষকে ধৰি সংশ্লিষ্ট বিভাগসমূহক সামাজিক মাধ্যমত চকু ৰখাৰ লগতে উৰা বাতৰ...