August 16, 2025 11:20 AM
12
জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই দুৰ্ঘটনাত ১০০ জনৰো অধিক লোক আহত হৈছে। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধ্বংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী, সেনা, স্থানীয় স্বেচ্ছাসেৱক আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে। ডাৱৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বার্ষিক মাছাইল মাতা যাত্রা বাতিল কৰা হ...