November 2, 2025 7:40 PM November 2, 2025 7:40 PM

views 22

কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভ

স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে কাইলৈ বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টক...