February 20, 2025 7:25 PM

views 26

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ ৮২৫ গৰাকী নৃত্যশিল্পী ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহ...

January 31, 2025 11:04 AM

views 24

২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ বাবে ভিন্ন জিলাত প্রস্তুতি অব্যাহত

■ ৰাজ্য চৰকাৰে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ বাবে জিলাই জিলাই প্রস্তুতি চলি আছে। ঝুমুইৰ বিনন্দিনী শীৰ্ষক এই অনুষ্ঠানৰ বাবে তিনিচুকীয়া জিলাত ব্যাপক প্রস্তুতি চলি আছে। জিলাখনৰ ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু ডুমডুমাত ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণৰ আজি সামৰণি পৰিব। ডিগবৈ চহৰৰ জুবিলী খেলপথাৰত অনুষ্ঠিত আখৰাত সমষ্টিটোৰ অন্তৰ্গত ২০০ৰো অধিক শিল্পীয়ে অংশগ্রহণ কৰিছে।

December 20, 2024 12:18 PM

views 45

ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰোৱাৰ লক্ষ্যৰে ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠান

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত আয়োজিত এখন সভাত চাহ জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে জড়িত কেইবাগৰাকী লোকশিল্পী, বিশেষজ্ঞ, ওজা প্রশিক্ষকৰ লগতে কেইবাটাও চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য...