February 20, 2025 7:25 PM February 20, 2025 7:25 PM
9
‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা
গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ ৮২৫ গৰাকী নৃত্যশিল্পী ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহ...