October 14, 2025 11:17 AM October 14, 2025 11:17 AM

views 26

ঝুমই বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৃহস্পতিবাৰে সম্বৰ্ধনা

● ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমই বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক পৰহিলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক- যুৱতীসকলক যোৱা ছেপ্তেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ'ল। সেয়ে পৰহিলৈ এইসকল যুৱক-যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি তেওঁ সদৰি কৰিছে।

February 24, 2025 7:41 PM February 24, 2025 7:41 PM

views 19

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাচক বনিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধানমন্ত্ৰী মোদীক গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিপুল সম্ভাষন জনোৱা হয়। বিমান বন্দৰৰ পৰা সৰুসজাইলৈ পথৰ দুয়োক...

February 24, 2025 7:03 PM February 24, 2025 7:03 PM

views 15

ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী মোদীয়ে শুভৰাম্ভ কৰিব

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদ্যাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভৰাম্ভ কৰিব। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে আঠ সহস্রাধিক শিল্পী সমাবেত হৈছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী পৰিহিতা চাহ জনগোষ্ঠীৰ গাভৰুৰ নৃত্যৰ ছন্দ আৰু ঢোল-মাদলৰ চেওত খন্তেক পাছতে ষ্টেডিয়ামখন মুখৰ হৈ উঠিব। চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা...

February 23, 2025 6:52 PM February 23, 2025 6:52 PM

views 13

গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে আজিৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৩৫০ গৰাকী অতিথিৰ উপস্থিতিত ঝুমইৰ বিনন্দিনী অনুষ্ঠান আয়োজিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ...