November 10, 2024 11:17 AM November 10, 2024 11:17 AM

views 4

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তুংগত উঠিছে। এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডত দুখন নির্বাচনী সভাত ভাষণ দিব আৰু এটা ৰোড শ্বোত ভাগ ল'ব। তেওঁ দিনৰ এক বজাত বোকাৰোৰ চন্দনকিয়াৰি বিধানসভা সমষ্টিৰ চান্দিপুৰ ফুটবল খেলপথাৰত প্ৰথমখন সভাত অংশ ল'ব। ইয়াৰ পাছত শ্ৰী মোদীয়ে বিয়লি প্রায় ৩ বাজি ১৫ মিনিটত গঢ়বাত দ্বিতীয়খন নির্বাচনী সভাত ভাষণ দিব। ...