October 29, 2024 12:06 PM

views 15

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যখনৰ ৩৮ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। ২০ নৱেম্বৰত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে ১ নৱেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। ইপিনে, নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা তালাচীৰ সময়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা ৰাজ্যখনৰ বিভিন্ন অংশত এই পর্যন...