September 24, 2024 9:02 PM September 24, 2024 9:02 PM

views 6

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি বিজেপিৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

বিজেপিৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীশৰ্মাই কয় যে, ৰাজ্যখনত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত সঁচাকৈ গুৰুত্ব আৰোপ কৰা হ’লে নিৰ্বাচনৰ ঠিক আগতে নহয় বৰং বহু আগতেই পদক্ষেপ ল'লেহেতেন।