November 23, 2024 8:46 PM

views 22

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ অগ্ৰগতি

ঝাৰখণ্ডৰ শেহতীয়া তথ্য মতে শাসনত থকা ঝাৰখণ্ড মুক্তি মৰ্চা, বিজেপি নেতৃত্বৰ এন ডি এতকৈ আগবাঢ়ি আছে। জে এম এমে ২২খনত জয় লাভ কৰাৰ লগতে ১২ খনত আগবাঢ়ি আছে। বিজেপিয়ে ১৪খনত জয় লাভ কৰাৰ বিপৰীতে ৭খনত আগবাঢ়ি আছে। কংগ্ৰেছ দলে ১০খনত জয় লাভ কৰিছে আৰু ছখনত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় জনতা দলে দুখন আসন লাভ কৰিছে আৰু দুখন আসনত আগবাঢ়ি আছে। চি পি আই এম এলেও দুখন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে।