July 16, 2025 10:16 PM

views 14

ঝাৰখণ্ডত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ জোৱান নিহত

ঝাৰখণ্ডৰ বোকাৰু জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত অসমৰ এগৰাকী জোৱানৰ লগতে দুজন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত নিহত হোৱা কোব্ৰা বেটেলিয়নৰ জোৱানজন কোকৰাঝাৰৰ প্রাণেশ্বৰ কোচ বুলি জানিব পৰা গৈছে। প্রাণেশ্বৰ কোচ চি আৰ পি এফৰ ২০২ নম্বৰ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে উপ-মাণ্ডলিক নক্সাল কমাণ্ডাৰ কুঁৱৰ মাঝি ওৰফে ছাহদেউ মাঝি ওৰফে ছাদেক গুলীয়াই নিধন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ সংঘৰ্ষত নিহত কোকৰাঝাৰৰ ছহিদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে।...