April 13, 2025 11:54 AM

views 17

ঝাৰখণ্ডৰ আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত কাৰিকৰী বিজুতি

ঝাৰখণ্ডৰ গোড্ডাত অৱস্থিত আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত হোৱা কাৰিকৰী বিজুতিৰ পৰিণতিত বাংলাদেশত বিদ্যুতৰ সমস্যাই দেখা দিছে। বাংলাদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰকল্পটোৰ প্ৰথমটো গোট বিজুলী উৎপাদন পহিলা এপ্ৰিলত বন্ধ কৰি দিয়া হৈছিল আৰু দ্বিতীয়টো গোটৰ পৰা প্ৰায় ৬৫০-৭০০ মেগাৱাট বিদ্যুৎ উৎপন্ন হৈ আছিল যদিও শুকুৰবাৰে মাজ নিশা প্রায় ১ মান বজাত সেয়াও বন্ধ হৈ পৰে। পাৱাৰগ্ৰীড বাংলাদেশ পিএলচিৰ তথ্য অনুসৰি শনিবাৰে বিয়লি ৩ বজাত দেশখনত লোড শ্বেডিঙৰ সৰ্বোচ্চ স্তৰ ৪২৮ মেগাৱাটলৈ বৃদ্ধি পায়। ...