November 16, 2024 6:17 PM

views 18

ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ ২ লাখ টকাকৈ এককালীন সাহায্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ঘটনাত আঘাতপ্রাপ্তসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনত স্থানীয় প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই নিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি নিশ্চয়তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি শ্...