February 14, 2025 12:18 PM

views 23

জাৰ্মানীৰ মিউনিখৰ চেণ্ট্ৰেল ৰে’ল ষ্টেচনৰ সমীপৰ এক দুৰ্ঘটনাত ২৮ গৰাকী লোক আহত

জাৰ্মানীৰ মিউনিখৰ চেণ্ট্ৰেল ৰে'ল ষ্টেচনৰ সমীপত কালি এখন বাহনে একাংশ লোকক মহতিয়াই নিয়াৰ ফলত কমেও ২৮ গৰাকী লোক আহত হয়। মিউনিখৰ মেয়ৰে জনোৱা মতে আহতসকলক ভিতৰত শিশুও আছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্রমিক সংঘৰ লোকসকলে ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে এই দূর্ঘটনাটো সংঘটিত হয়। বাহনখনৰ চালকজনক ইতিমধ্যে আটক কৰা হৈছে। বিশ্বৰ শীৰ্ষ ৰাজনৈতিক নেতাসকল সন্মানীয় মিউনিখ নিৰাপত্তা সন্মিলনৰ বাবে সমবেত হোৱাৰ এদিন পূর্বে এই দুর্ঘটনাতো সংঘটিত হয়।