September 4, 2025 3:39 PM

views 11

বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত ...