January 9, 2025 7:02 PM

views 14

জয়ন্ত মল্লবৰুৱাৰ সৈতে গুৱাহাটীত তোখান চাহুৰ বৈঠক

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী তোখান চাহুৱে আজি অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে গুৱাহাটীত এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত বিভাগটোৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে অসমত তেওঁৰ বিভাগৰ অধীনত চলি থকা কেইবাখনো আঁচনিৰ খতিয়ান লোৱাৰ লগতে কেইবাটাও প্ৰকল্পৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে প্রকল্পসমূহৰ সময়মতে ৰূপায়ণ নিশ্চিত কৰি তুলিবৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দিয়ে।