September 24, 2024 12:36 PM

views 33

শিৱসাগৰ-চৰাইদেউৰ স্বচ্ছ ভাৰত মিছন গ্রামীণ আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন গ্রামীন আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত চাহ বাগিছাৰ পৰিচালক, কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত চাহ বাগিছা এলেকাসমূহত দুয়োখন আঁচনিৰে এশ শতাংশ ৰূপায়ণ, প্ৰতিটো বাসগৃহত শৌচাগাৰ স্থাপন তথা আঁচনিসমূহৰ কাৰ্যকৰীকৰণৰ বাবে বুজাবুজিৰ চুক্তিও চূড়ান্ত কৰা হয়। ইয়াৰ লগতে বাগিচাৰ শ্ৰমিকসকলে যাতে দুবাৰ নিয়মিত খোৱাপানী লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ বাগি...