January 4, 2025 6:20 PM

views 25

খাৰঘূলিৰ পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান

গুৱাহাটীৰ খাৰঘূলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক আজি জল বৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি আংশিকভাৱে ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ১১লাখ ৯৬ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ দিয়া হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এটা প্ৰতিনিধি দলৰ সৈতে গৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চেক প্ৰদান কৰে।

December 26, 2024 8:18 PM

views 33

গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন

ৰাজ্য চৰকাৰৰ নগৰ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ দিন দয়াল জন আজীৱিকা যোজনাৰ অধীনত নগৰীয়া জীৱিকা অভিযান শাখাৰ তত্বাৱধানত আৰম্ভ হোৱা এই মেলা অহা ৩০ ডিচেম্বৰলৈ চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আজিৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

December 25, 2024 7:28 PM

views 35

নলবাৰী বিধানসভা সমষ্টি অধীনৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা উদ্বোধন

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীৰ চৰকাৰী গৰ্ডন বিদ্যালয় খেলপথাৰত নলবাৰী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰে। এই প্ৰতিযোগিতা নলবাৰী সমষ্টিৰ ডেৰ হাজাৰতকৈ অধিক ক্রীড়া প্রতিভাই অংশগ্ৰহণ কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ খেল মহাৰণৰ প্ৰথম পর্যায়ে অকল খেলুৱৈসকলকে আকৰ্ষিত কৰাই নহয়, বৰং খেলৰ প্ৰতি নতুনৰ আকৰ্ষণো বৃদ্ধি কৰিছে। খেল মহাৰণৰ দ্বিতীয় পর্যায়ে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নতুন জাগৰণৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয...

December 21, 2024 8:07 PM

views 29

৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ’ব বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

গুৱাহাটী জল বোৰ্ডৰ অধীনত মহানগৰৰ ৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ'ব বুলি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। বিভাগীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতে আজি তেওঁ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ জনসাধাৰণৰ জীৱন শৈলীৰ সৰ্বাংগীন উন্নয়নৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অংশত হোৱা কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে গৃহ ...

November 29, 2024 6:40 PM

views 40

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছেঃ জয়ন্ত মল্লবৰুৱা

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে নলযোগে বিশুদ্ধ খোৱাপানী যোগান আঁচনি পৰিদৰ্শন কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে সাংসদ আৰু বিধায়কসকলক এটাকৈ আঁচনিৰ দায়িত্ব গ্রহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। জলজীৱন মিছনৰ সৈতে...

November 15, 2024 7:42 PM

views 22

গুৱাহাটী মহানগৰীত সামুদ্রিক বিমানৰ প্ৰদৰ্শনী উৰণ

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি সামুদ্রিক বিমানৰ এটা প্ৰদৰ্শনী উৰণ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হয়। কানাডাৰ মেছাৰ্ছ ডি হেভিলেণ্ডৰ সহযোগত আয়োজন কৰা সামুদ্রিক বিমানৰ এই উৰণটোত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্রহণ কৰে। মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা সামুদ্রিক বিমানখনেৰে উৰা মাৰি মন্ত্ৰীগৰাকীয়ে পাণ্ডু ঘাটত অৱতৰণ কৰে। প্ৰদৰ্শনী উৰণটোৰ সামৰণিত তেওঁ সামুদ্রিক বিমানৰ পৰ্যটন সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ ক...

October 26, 2024 9:05 PM

views 47

বিটিচিৰ প্ৰধান সচিবৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ, উদ্যমশীলতা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিটিচিৰ প্ৰধান সচিবৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত ২৬ টা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি বিভাগৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ধান ক্ৰয়ৰ ক্ষেত্ৰত যাতে মধ্যভোগীসকলে সুফল লাভ নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পশুপালন, ৰেচম, শিক্ষা, খাদ্যকে ধৰি বিভিন্ন বিভাগসমূহৰ কাম-কাজসমূহো এই বৈঠকত পৰ্যালোচনা কৰা হয়৷

July 11, 2024 12:07 PM

views 38

টাটা টেকন’লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

● দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টাটা টেকন'লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দক্ষতা বিকাশ উন্নত কৰাৰ উদ্দেশ্যে টাটা টেকন'ল'জিৰ সহযোগত ৬১ খন পলিটেকনিক্ তথা আই টি আই প্রতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰা হৈছে। এইসমূহৰ ভিতৰত ৫ খন প্রতিষ্ঠান ইতিমধ্যে মুকলি কৰা হৈছে। বৈঠকত বাকী থকা ৫৬ খন প্ৰতিষ্ঠানৰ প্ৰগতি পর্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে অহা ১৫ আগষ্টৰ পূৰ্বে ৬ খন পলিটেক...

June 14, 2024 7:48 PM

views 42

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্রী জয়ন্ত মল্লই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল'বলগীয়া পদক্ষেপসূহৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যজুৰি দক্ষ লোকসকলক বিচাৰি উলিওৱা সন্দৰ্ভত ল'বলগীয়া পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। চলিত বিত্তীয় বৰ্ষৰ বাবে পৰিকল্পনা, ধবজাবাহী কাৰ্য...

June 12, 2024 6:16 PM

views 28

অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

দক্ষতা, নিবনুৱা আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মঙলদৈত নির্মীয়মান অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত থকা অস্থায়ী চৌহদ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমল্লবৰুৱাই পৰিদৰ্শনৰ অন্তত সংবাদমাধ্যমৰ আগত কয় যে, অহা জুলাই মাহৰ পৰা দক্ষতা বিকাশৰ ৪টা পাঠ্যক্ৰম আৰম্ভ হ'ব। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম পূর্ণগতিত চলি আছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, ২০২৬ চনৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব।