September 24, 2024 7:33 PM

views 19

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ অনুষ্ঠিত হ'ব। পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাত আজি এই কথা প্ৰকাশ কৰি কয় যে, কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই পর্যটন বজাৰত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটনৰ লগত জড়িত অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ২৮ নৱেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত দেশ-বিদেশৰ প্ৰায় ৩০০ গৰাকী প্ৰতিনিধিক কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ লগত পৰিচয় কৰায় দিবল...