September 20, 2025 1:16 PM

views 11

প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

আজি প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীৰ ওপজা দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয়, যে সুৰ বাহিনীৰ স্ৰষ্টা, গণশিল্পী জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠ আৰু সংগীত প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। প্ৰখ্যাত গায়ক জয়ন্ত হাজৰিকাই ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। মাত্র ৩৪ বছৰ বয়সতে ১৯৭৭ চনত মৃত্যুক আঁকোৱালি লোৱা জ...

September 20, 2024 1:19 PM

views 10

যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১সংখ্যক ওপজা দিন

যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১ সংখ্যক ওপজা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তত আজি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সুৰ বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দৰদী কণ্ঠশিল্পীগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি মোৰ মন চাতকৰ কণ্ঠ শীর্ষক যন্ত্ৰ সংগীতৰ মূর্ছনাৰে এক ব্যতিক্রমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আজি সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব। পুৱা চানমাৰিস্থিত জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত স্মৃতি তর্প...