October 15, 2025 9:04 PM October 15, 2025 9:04 PM

views 6

মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস উদযাপন

দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস আজি স্বেচ্ছাসেৱী সংগঠন ব্যতিক্ৰম গোট আৰু জয়ন্ত হাজৰিকা সৃষ্ট সুৰ বাহিনীৰ উদ্যোগত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত গুৱাহাটীস্থিত বাংলাদেশৰ উপ উচ্চায়ুক্ত জিজুল হাছান ফাহাদ, অধ্যাপক ঊষা ৰঞ্জন ভট্টাচার্য, বিশিষ্ট সংগীত শিল্পী জে পি দাস, জয়ন্ত হাজৰিকাৰ সহধর্মিনী তথা সংগীত শিল্পী মনিষা হাজৰিকা, দৈনিক যুগশঙ্খ কাকতৰ সম্পাদক বিকাশ সৰকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট বক্তাই জয়ন্ত হাজৰিকাৰ অসামান্য সাং...

October 15, 2024 7:19 PM October 15, 2024 7:19 PM

views 5

জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত শিল্পীগৰাকীলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

অসমৰ যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে। ১৯৪৩ চনৰ ২০ চেপ্তেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ ১৯৭৭ চনৰ আজিৰ দিনটোতে দেহাৱসান হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক হিচাপে জনমানসত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীয়ে ৬০ ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰি কম সময়ৰ ভিতৰতে অগণন শ্রোতা জনতাক নিজৰ সংগীতেৰে মুগ্ধ কৰিছিল। স্বকীয় সংগীতৰ ধাৰাৰে অসমৰ সংগীতপ্রেমীক নতুনত্বৰ সোৱাদ দিয়া হাজ...

September 20, 2024 7:23 PM September 20, 2024 7:23 PM

views 5

কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিন উদযাপন

কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ চানমাৰিৰ জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক, চৰকাৰী বিষয়া তথা বহুকেইজন জ্যেষ্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিল্পীগৰাকীক স্মৰণ, পুস্পাঞ্জলি তৰ্পন আদিৰ লগতে তেখেতৰ গীত পৰিবেশন কৰা হয় ৷