May 24, 2025 8:18 PM

views 45

উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে – জয়ন্ত চৌধুৰী

 দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামে ১০০ শতাংশ সাক্ষৰতাৰ হাৰ পূৰণ কৰাৰ পৰা যুৱ প্ৰজন্মৰ উদ্যমশীলতাৰ দিশৰ পৰা অঞ্চলটোলে সমূহীয়া প্ৰচেষ্টাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ সমগ্ৰ দেশৰ প্ৰায় এক লাখ শিক্ষাৰ্থীক বিনামূলীয়া এ আই ...

December 5, 2024 1:06 PM

views 44

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে : ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰী

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ লিখিত প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রাম্য সাক্ষৰতা হাৰ যোৱা বৰ্ষৰ ৭৭ শতাংশৰ পৰা এই বৰ্ষত ৭৭ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ২০২৩-২৪ বৰ্ষত পুৰুষৰ সাক্ষৰতা হাৰ ৮৪ দশমিক ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে গ্রাম্য মহিলাৰ সাক্ষৰতাৰ হাৰ ৭০ দশমিক ৪ শতাংশলৈ বৃদ্ধি পাইছে।

July 15, 2024 8:10 PM

views 70

বিশ্ব যুৱ দক্ষতা দিৱসত কেন্দ্রীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ অংশগ্ৰহণ

কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৈছে যে, দক্ষতা ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ ১ কোটি ৪৬ লাখৰো অধিক লোকৰ বিভিন্ন বিভাগত দক্ষতা বিকশাই তোলা হৈছে। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শ্ৰীচৌধুৰীয়ে কয় যে, ১০ বছৰৰ পূৰ্বে আমাৰ দেশত দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ক্ষেত্ৰখনৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰা হৈছিল আৰু তাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত দেশে এটা বিশেষ যাত্ৰা অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১০ টা বছৰৰ সাফল্যৰ পৰা লাভ কৰা শিক্ষা...