July 15, 2024 8:10 PM July 15, 2024 8:10 PM

views 11

বিশ্ব যুৱ দক্ষতা দিৱসত কেন্দ্রীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ অংশগ্ৰহণ

কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৈছে যে, দক্ষতা ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ ১ কোটি ৪৬ লাখৰো অধিক লোকৰ বিভিন্ন বিভাগত দক্ষতা বিকশাই তোলা হৈছে। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শ্ৰীচৌধুৰীয়ে কয় যে, ১০ বছৰৰ পূৰ্বে আমাৰ দেশত দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ক্ষেত্ৰখনৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰা হৈছিল আৰু তাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত দেশে এটা বিশেষ যাত্ৰা অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১০ টা বছৰৰ সাফল্যৰ পৰা লাভ কৰা শিক্ষা...