January 20, 2026 11:46 AM

views 13

গোৱালপাৰাত দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰী

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰীয়ে কালি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পর্যালোচনা বৈঠকত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ উন্নয়নমূলক কামৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলি মন্ত্ৰীগ...