December 1, 2025 9:20 PM

views 15

নতুন দিল্লীত অনুষ্ঠিত জৈৱিক অস্ত্ৰ অভিৱৰ্তনৰ ৫০সংখ্যক বর্ষপূর্তি অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত গ্লোবেল ছাউথৰ অন্তৰ্গত দেশসমূহৰ জৈৱ সুৰক্ষা শক্তিশালী কৰাৰ বাবে জৈৱিক অস্ত্ৰ অভিৱৰ্তনৰ ৫০ সংখ্যক বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে এই সন্মিলনত কমেও ৮০খন দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, পণ্ডিত আৰু প্ৰতিনিধিসকলে জৈৱিক অস্ত্ৰ সম্পৰ্কীয় অভিৱৰ্তনৰ আধুনিকীকৰণ সন্দৰ্ভত মত প্ৰকাশ কৰিছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মাজে সময়ে দেখা দিয়া শংকা আৰু জীৱ বিজ্ঞানৰ উদ্ভা...