September 8, 2024 12:19 PM

views 16

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতৰ নদীপ সিঙৰ পুৰুষৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন; ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অভিনন্দন জ্ঞাপন

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতে কালি আৰু দুটা পদক অৰ্জন কৰে। নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আনহাতে দৌৰবিদ চিমৰনে মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জসহ মুঠ ২৯টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠদশ স্থানত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰ'ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন ক...

June 1, 2024 8:45 PM

views 29

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।