November 10, 2024 6:24 PM
35
ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন
বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ চলিত বছৰতো ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। কালি সামৰণি পৰা জাতিংগা মহোৎসৱৰ লগত সংগতি ৰাখি পৰিভ্ৰমী পক্ষী দৰ্শনৰ বাবে দেশ-বিদেশৰ ভালেসংখ্যক পর্যটকো জাতিংগা পক্ষী উদ্যানলৈ আহিছে। উল্লেখযোগ্য যে পক্ষী উদ্যানখনত এইবাৰ ৯ বছৰৰ পাছত বিৰল প্ৰজাতিৰ টাইগাৰ ৰিটাৰ্ণ পক্ষীবিধ দেখিবলৈ পোৱা গৈছে। স্থানীয় লোকসকলৰ পৰিৱেশ সুৰক্ষাৰ দীৰ্ঘদিনীয়া প্ৰয়াসৰ ফলস্বৰূপে চৰাইবিধ আকৌ উপলব্ধ হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্...