July 18, 2024 12:44 PM July 18, 2024 12:44 PM

views 4

ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, এতিয়ালৈ ৫জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্রাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক'বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেই...