July 4, 2025 7:31 PM

views 15

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি পোৱা বাতৰি পোৱা গৈছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থা চিকিৎ‍সাধীন হৈ আছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ লক্ষণ দে...

August 2, 2024 12:21 PM

views 21

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে। দৰঙত সম্প্ৰতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়া...

July 25, 2024 10:22 AM

views 29

ৰাজ্যৰ জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমন হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাওঁ জিলাত বানৰ পাছতে কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত ৩ জন লোকৰ জাপানীজ এনচেফেলাইটিছ আৰু এনে ধৰণৰ ৰোগৰ ফলত মৃত্যু হৈছে। লোককেইজন ৰাজামণি মেধী, ভৱকান্ত নাথ আৰু ইমৰাণা বেগম বুলি জানিব পৰা গৈছে। ইপিনে, মৰিগাওঁ জিলাত বানৰ পাছত ৫ জন লোক মেলেৰীয়াত আক্রান্ত হয় বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। ইপিনে, চৰাইদেউ জিলাত জাপানীজ এনচেফেলাইটিছ, মেলেৰীয়া, ডেংগী আদি ব...

July 10, 2024 7:14 PM

views 20

শিৱসাগৰত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত

শিৱসাগৰ জিলাত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত হৈছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ভিতৰত ১২ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৩ জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত ঔষধ ছটিওৱাৰ ব্যৱস্থা লৈছে। ইয়াৰ লগতে বানৰ পানী শুকাবলৈ ধৰা অঞ্চলসমূহতো মহৰ বংশবৃদ্ধি হ্ৰাস কৰিবলৈ ঔষধ ছটিওৱা হৈছে। এই ৰোগ চিনাক্তকৰণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত ঔষধযুক্ত আঁঠোৱা বিতৰণ কৰাৰ লগতে স্বাস্থ্য বিভাগে...