July 25, 2024 10:22 AM July 25, 2024 10:22 AM

views 16

ৰাজ্যৰ জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমন হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাওঁ জিলাত বানৰ পাছতে কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত ৩ জন লোকৰ জাপানীজ এনচেফেলাইটিছ আৰু এনে ধৰণৰ ৰোগৰ ফলত মৃত্যু হৈছে। লোককেইজন ৰাজামণি মেধী, ভৱকান্ত নাথ আৰু ইমৰাণা বেগম বুলি জানিব পৰা গৈছে। ইপিনে, মৰিগাওঁ জিলাত বানৰ পাছত ৫ জন লোক মেলেৰীয়াত আক্রান্ত হয় বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। ইপিনে, চৰাইদেউ জিলাত জাপানীজ এনচেফেলাইটিছ, মেলেৰীয়া, ডেংগী আদি ব...

July 10, 2024 7:14 PM July 10, 2024 7:14 PM

views 9

শিৱসাগৰত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত

শিৱসাগৰ জিলাত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত হৈছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ভিতৰত ১২ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৩ জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত ঔষধ ছটিওৱাৰ ব্যৱস্থা লৈছে। ইয়াৰ লগতে বানৰ পানী শুকাবলৈ ধৰা অঞ্চলসমূহতো মহৰ বংশবৃদ্ধি হ্ৰাস কৰিবলৈ ঔষধ ছটিওৱা হৈছে। এই ৰোগ চিনাক্তকৰণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত ঔষধযুক্ত আঁঠোৱা বিতৰণ কৰাৰ লগতে স্বাস্থ্য বিভাগে...