July 5, 2025 6:59 PM July 5, 2025 6:59 PM
13
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় ২০ হাজাৰ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলিত ফগিং কৰাৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ...