August 5, 2025 7:22 PM August 5, 2025 7:22 PM

views 10

পশ্চিম কাৰ্বি আংলঙত নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযান

পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আয়ুক্ত সাৰংগপানি শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভিন্ন সমাজ উন্নয়নমূলক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সন্মান যচা হয়। তাৰোপৰি আমৰি, চচেং আৰু ৰংখাং খণ্ড বিষয়া কার্যালয়ে লাভ কৰা চাৰে ৩ কোটি টকাৰ অনুদানো গুৰুত্বপূৰ্ণ শিতানত ব্যয় কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায়।

August 1, 2025 11:31 AM August 1, 2025 11:31 AM

views 9

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত ১০ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আক্রান্তসকলৰ ভিতৰত ইতিমধ্যে শিশুসহ দুজন লোকৰ মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ টেঙাবৰী গাঁৱৰ গিৰিশ বৰা, বালিজুৰিৰ সোণাৰাণী বসুমতাৰী আৰু গড়পালৰ আগমায়া চেত্ৰীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত এই ৰোগ নিৰ্মূলৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বনাঞ্চলখনৰ উচ্ছেদ কৰা ভূমিত পুনৰ বসতি স্থাপন ক...

July 19, 2025 12:14 PM July 19, 2025 12:14 PM

views 4

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিছৰ

● ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু-মহিলাসহ ২১ গৰাকীৰ গুৱাহাটী চিকিৎসামহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এক এপ্ৰিলৰ পৰা এতিয়ালৈ ৭০ জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও ২৯ জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ...

July 18, 2025 10:38 AM July 18, 2025 10:38 AM

views 11

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্রান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ আঢ়ৈশৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য ...

July 15, 2025 8:51 PM July 15, 2025 8:51 PM

views 12

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত কমেও ২৪জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কমেও ২৪জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত ১৯, গোলাঘাট আৰু দৰঙত ১৮ জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনত এইপর্যন্ত তিনিজন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য ...

July 15, 2025 12:39 PM July 15, 2025 12:39 PM

views 12

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুলোক চিকিৎসাধীন হৈ আছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত ১৯, গোলাঘাট আৰু দৰঙত ১৮ জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ৰোগৰ ফলত কমেও ২৪ জন লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পা...

July 11, 2025 2:49 PM July 11, 2025 2:49 PM

views 12

দৰং জিলাত জাপানীজ এনচেফেলাইটিছত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু

◆ দৰং জিলাত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে জাপানীজ এনছেফেলাইটিছত দুগৰাকী আৰু এ ই এছ ৰোগত তিনিগৰাকী লোকৰ মৃত্যু ঘটিছে। জিলাখনত বিগত এমাহত দুয়োবিধ বাহকজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পর্যন্ত আন ১৬ জন লোক জাপানীজ এনছেফেলাইটিছ আৰু ২৭ জন এ ই এছ ৰোগত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত এই দুয়োবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সভাৰ আয়োজন কৰি...

July 6, 2025 12:34 PM July 6, 2025 12:34 PM

views 2

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে ৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬৭ জন লোক আক্ৰান্ত হৈছে। একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ২৬ জন লোক নিহত আৰু ৪৪৩ জন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত ডেংগিত ১৪৭ জন আৰু মেলেৰিয়াত ১৫৭৯ জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছত এই পর্যন্ত বজালিত ৪, বৰপেটাত ১৪, ধেমাজিত ৫, ধুবুৰীত ৪, ডিব্ৰুগড়ত ২, গোৱালপাৰাত ৫, গোলাঘাট...

July 4, 2025 7:31 PM July 4, 2025 7:31 PM

views 7

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি পোৱা বাতৰি পোৱা গৈছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থা চিকিৎ‍সাধীন হৈ আছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ লক্ষণ দে...

August 2, 2024 12:21 PM August 2, 2024 12:21 PM

views 10

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে। দৰঙত সম্প্ৰতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়া...