October 11, 2024 6:41 PM

views 20

জাপানৰ নিহন হিদাংকিঅ’ নামৰ গোটলৈ ২০২৪ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা

আণবিক বোমাৰ আক্ৰমণৰ সময়ত প্ৰাণ ৰক্ষা পৰা লোকক লৈ গঠিত জাপানৰ নিহন হিদাংকিঅ' নামৰ গোটটোলৈ ২০২৪ বৰ্ষৰ শান্তিৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। হিবাকুশ্বা নামেৰেও পৰিচিত এই গোটটো পাৰমাণৱিক অস্ত্রমুক্ত বিশ্বৰ লক্ষ্যত উপনীত হোৱাৰ হকে অক্লান্ত প্রচেষ্টা চলোৱাৰ লগতে ভৱিষ্যতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ হ'বলৈ নিদিয়াৰ স্পষ্ট সংকল্পৰ বাবে জনাজাত। অছলোৰ ন'বেল প্রতিষ্ঠানে এই পুৰষ্কাৰ ঘোষণা কৰিছে। যোৱা বছৰ ইৰানৰ মানৱ অধিকাৰ কৰ্মী নগেছ মুহম্মদীক শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল।