November 15, 2025 7:48 PM

views 19

সমগ্ৰ ৰাষ্ট্ৰত জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস উদযাপন

সমগ্ৰ ৰাষ্ট্ৰই আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। চৰকাৰে জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এই উৎসৱ জনজাতীয় গৌৰৱ সপ্তাহলৈ ৰূপান্তৰিত হৈছে আৰু দেশৰ প্রান্তে প্রান্তে সাংস্কৃতিক অনুষ্ঠান, প্রদর্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বীৰছা মুণ্ডাৰ জীৱন আৰু কাৰ্যক জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। চৰকাৰে জনজাতীয় স্বাধীনতা সংগ...