November 10, 2024 11:49 AM

views 34

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’প’ৰত কালি সুৰক্ষা বাহিনীৰে সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ'প'ৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত হয়। অঞ্চলটোত এতিয়াও দুজন সন্ত্রাসবাদী লুকাই থকা বুলি আশংকা কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোত কেইজনমান সন্ত্রাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা যৌথ দলে অভিযান চলোৱাৰ সময়ত সন্ত্ৰাসবাদীয়ে দলটোক লক্ষ্য কৰি গুলীবর্ষণ কৰে। প্ৰত্যুত্তৰত সৈন্য দলটোৱেও গুলী চালনা কৰাত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘর্ষত এজন সন্ত্রা...

July 28, 2024 7:57 PM

views 26

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত দুটা সন্দেহজনক উগ্ৰপন্থী ঘূৰি ফুৰা বুলি কালি তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বড়োৱা গাঁৱত স্থানীয় লোকসকলে দুজন সন্দেহজনক লোকক গাঁওখনৰ লগতে কাষৰীয়া বনাঞ্চলত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰা বুলি তথ্য লাভ কৰাৰ পিছত অঞ্চলটোত এই তালাচী অভিযান চলোৱা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে অঞ্চলটোত যুটীয়াভাৱে এই অভিযান অব্যাহত ৰাখিছে। তালাচী অভিযানৰ বিতং তথ...