November 23, 2025 8:24 PM

views 35

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম সোমবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম কাইলৈ জম্মুত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই অনুষ্ঠানৰ নেতৃত্ব দিব কয়লা মন্ত্রী জি কিষান ৰেড্ডীয়ে। এই উপলক্ষে মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ মুখ্যমন্ত্রী সুৰিন্দৰ কুমাৰ চৌধুৰী উপস্থিত থাকিব। খনি মন্ত্রালয়ে কয় যে, ইয়াৰ দ্বাৰা কেন্দ্ৰ-ৰাষ্ট্ৰৰ শক্তিশালী অংশীদাৰিত্ব আৰু অঞ্চলটোৰ বাবে এই পদক্ষেপৰ কৌশলগত গুৰুত্ব প্রতিফলিত হয়। এই মাইলৰ খুঁটিৱে ২০১৫ চনত খনি আৰু খনিজ আইনৰ অধীনত প্ৰৱৰ্তিত খনন সংস্কাৰক আগুৱাই নিয়াৰ ক্ষেত্রত এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে...