August 20, 2024 12:03 PM

views 15

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। এই পর্যায়ত অনন্তনাগ, শ্ব'পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে ৩০ আগষ্টলৈকে প্রার্থীসকলে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভ...