May 9, 2025 6:32 PM

views 27

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ যুদ্ধ বিৰতি উলংঘা

ভাৰতীয় সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোণ, ক্ষেপনাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ে প্রকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। সশস্ত্র বাহিনীয়ে এই আক্রমণ সফলভাৱে প্রতিহত কৰে। ...

May 6, 2025 7:38 AM

views 49

ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক

● ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন সদস্য ৰাষ্ট্ৰৰ অস্থায়ী সদস্য পাকিস্তানে এই বৈঠকৰ বাবে অনুৰোধ জনাইছিল। চলিত মাহৰ বাবে পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰি থকা গ্ৰীচে পৰিষদৰ কক্ষৰ কাষতে পৰামৰ্শৰ বাবে থকা এটা কোঠাত এই বৈঠকৰ তদাৰক কৰে। বৈঠকত মধ্য প্রাচ্য, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাজনৈতিক শান্তি পৰিক্ৰমা আৰু শান্তি অভিযান বিভাগৰ সহকাৰী সচিবপ্রধান খালেদ মহম্মদ খিয়াৰিয়ে গ...

March 28, 2025 1:45 PM

views 25

জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩জন সন্ত্রাসবাদী নিহত, ৩জন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ ছুফেইন বনাঞ্চলত যোৱানিশা হোৱা এটা সংঘৰ্ষত ৩ জন সন্ত্রাসবাদী নিহত হয়। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ ৩ জন জোৱানো শ্বহীদ হয় আৰু এগৰাকী উপআৰক্ষী অধীক্ষক আৰু এগৰাকী পেৰা কামাণ্ডোসহ ৪গৰাকী সুৰক্ষা কৰ্মী আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।