October 1, 2024 10:21 AM

views 34

জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত

■ জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিত শান্তিপূর্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটাৰৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধা সুনিশ্চিত কৰা হৈছে আৰু ভোটকেন্দ্ৰসমূহত ২০ হাজাৰতকৈ অধিক প’লিং বিষয়া নিয়োগ কৰা হৈছে। কাশ্মীৰৰ সংমণ্ডলৰ বাৰামূল্লা, কুপৱাৰা, বাণ্ডিপুৰা আৰু জম্মু সংমণ্ডলৰ জম্মু, উধমপুৰ, কাঠুৱা আৰু ...

September 17, 2024 12:20 PM

views 114

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৭ খন জিলাৰ ২৪ খন বিধানসভা আসনৰ কাইলৈ প্রথম পর্যায়ত ভোটগ্রহণ কৰা হ'ব। এই জিলাকেইখন হৈছে অনন্তনাগ, পুলৱামা, শ্বপিয়ান, কুলগাম, দ'দা, ৰামবান আৰু কিষ্টৱাৰ। ইয়াৰে ১৬টা সমষ্টি কাশ্মীৰ মণ্ডলৰ আৰু ৮টা জম্মুৰ মণ্ডলৰ অধীনৰ। এই প্ৰথম পৰ্যায়ত ৫ লাখ ৬৬ হাজাৰ যুৱ ভোটদাতাকে ধৰি মুঠ ২৩ লাখ ২৭ হাজাৰৰো অধিক ভোটদাতাই ২১৯ গৰাকী প্ৰাৰ্থীৰ নির্বাচনী ভাগ্য নির্ণয় কৰিব। ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ২৪টা...