April 23, 2025 8:43 PM

views 25

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে

জম্মু-কাশ্মীৰৰ পেহেলগামত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। এন ৰামচন্দ্ৰনে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে বন্ধৰ দিন উপভোগ কৰিবলৈ কাশ্মীৰ ভ্ৰমণলৈ যোৱাৰ সময়তে কালি পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু মুখত পৰে। ৰামচন্দ্ৰনৰ মৃতদেহ পৰৱৰ্তীয় সময়ত নতুন দিল্লীৰ পৰা কুচ্চিলৈ লৈ যোৱা হ'ব। ইপিনে, এই ঘটনাত নিহত কলকাতাৰ বিটেইন অধিকাৰী নামৰ লোকজনকো একেখন বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। পৰৱৰ্তী সময়ত বিটেইন অধিকাৰী...

April 23, 2025 8:37 PM

views 26

পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক দোহাৰিছে। তেওঁ কয়, যে পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত লোকসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰখা নহ'ব। নতুন দিল্লীত ভাৰতীয় বায়ু সেনাই আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালিৰ আক্ৰমণৰ প্ৰতিআক্ৰমণ কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক গৰিহণা দি শ্রীসিঙে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে।

April 23, 2025 8:29 PM

views 27

উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট

পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পুৰাতত্ত্ব উপদেষ্টা পৰিষদৰ ৩৮সংখ্যক বৈঠকত মন্ত্ৰীজনে এই মন্তব্য কৰিছে। বৈঠকত সভাপতিত্ব কৰা কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰৰ ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিসৌধসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় শ্রীলংকাত শেহতীয়াকৈ চিকুনগ...

April 23, 2025 7:33 PM

views 24

পেহেলগামৰ আক্ৰমণৰ সৈতে জড়িত ৩ জন পাকিস্তানী সন্ত্রাসবাদীৰ ৰেখাচিত্ৰ প্ৰকাশ এন আই এৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ বিচৰণস্থলী বেইচ্‌ৰণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ গৰাকী পর্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বর্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা-এন আই এয়ে ইতিমধ্যে পেহেলগামৰ আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী-আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে৷ ইপিনে, এই সন্ত...

April 15, 2025 2:30 PM

views 43

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়াগুলীত এজন সেনা জোৱান আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত যোৱা নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ চুৰানকোট মহকুমাৰ লাছানা গাঁৱত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত অঞ্চলটোত অভিযান চলোৱাৰ সময়ত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়। সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে আৰু সন্ত্রাসবাদী কেইটা যাতে পলাই যাব নোৱাৰে তাৰ বা...

March 11, 2025 6:05 PM

views 20

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন ৪ জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

January 22, 2025 8:00 PM

views 21

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু ৩ জন লোক আক্ৰান্ত

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু তিনিজন লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে কালি এজন ২৫ বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত গাঁওখনত আৰু দুজন লোকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা দিয়াত তেওঁলোকক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ৰজৌৰী জিলা প্ৰশাসনে বাঢাল অঞ্চলটোক ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ এলে...

January 15, 2025 6:43 PM

views 32

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত ৰাজীৱ গান্ধী চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় বিষাণু গৱেষণা প্ৰতিষ্ঠান আৰু ৰাষ্ট...

December 19, 2024 5:16 PM

views 24

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সন্ত্রাসবাদ বিৰোধী অভিযানত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত হয়। সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা দুজন সেনা জোৱানক চিকিৎ‍সাৰ বাবে প্ৰেৰণ কৰা হৈছে। এটা বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত যোৱা নিশা সুৰক্ষা বাহিনীয়ে অভিযান চলাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। সুৰক্ষা বাহিনীৰ লোকে সন্ত্ৰাসবাদী কেইটা লুকাই থকা বুলি সন্দেহ কৰা কাদেৰ গাওঁত অভিযান চলোৱা সময়তে সন্ত্রাসবাদীকেইটাই তেওঁলোকলৈ লক্ষ্য ...

November 7, 2024 8:31 PM

views 21

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আজি এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪ জন আহত হয়। নিহতসকলৰ ভিতৰত এটি কিশোৰো আছে। আমাৰ সংবাদদাতাই জনাইছে যে দুৰ্ঘটনাৰ ফলত ৩ জনে থিতাতে প্ৰাণ হেৰুৱাই আৰু এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।