July 23, 2025 12:35 PM

views 46

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থনৰ উদ্দেশ্যেৰে ৱেব প’ৰ্টেল মুকলি

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ৰাজ্যখনৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে এটা ৱেব প'ৰ্টেল মুকলি কৰিছে। এই ৱেব পৰ্টেলটোৰ জৰিয়তে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ সন্ত্ৰাসবাদত প্রভাৱিত লোকসকলক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা খৰতকীয়া কৰাৰ লগতে অন্যান্য সহায়-সমর্থন সময়মতে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব। কালি মুকলি কৰা এই ৱেব প'ৰ্টেলটোৰ জৰিয়তে জিলাভিত্তিক তথ্য সংগ্ৰহ কৰাৰ লগতে আগবঢ়োৱা সাহায্যৰ নিৰীক্ষণ তথা কোনো প্রকৃত ভুক্তভোগী যাতে বাদ পৰি নাযায় তাক নিশ্চিত কৰা হ'ব। এই পদক...

June 10, 2025 7:43 PM

views 41

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত আছে। অঞ্চলটোত বিগত চাৰি বছৰত এইবাৰ তাপমান আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে। পাঁচ খন জিলাত কালি তাপমানে অভিনেখ গঢ়ি ৪০ ডিগ্ৰী চেলচিয়াছৰ মাত্ৰ অতিক্ৰম কৰে। ছাম্বাত সর্বাধিক ৪৬.৬ ডিগ্রী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। জম্মু মহানগৰত কালিৰ দিনটোত তাপমান আছিল ৪৪.৩ ডিগ্রী চেলচিয়াছ। দেওবাৰে মহানগৰখনৰ তাপমাত্ৰাই ৪২.৭ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিছিল। মা বৈষ্ণোদেৱী মন্দিৰৰ বেছ কেম্প হিচাপে পৰিচিত কাটৰাত ৪০.২ ডিগ্ৰী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। আনহাতে ৰামবান আৰু...

June 6, 2025 6:39 PM

views 44

জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জি খাদ দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰে'ল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা এই ৪২ বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত এই চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্রকল্প সম্পূৰ্ণ হ'ল। ইয়াৰ ফলত এহেজাৰ ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল পথৰ নিৰ্মাণৰ কামো ...

June 3, 2025 9:27 PM

views 32

প্রধানমন্ত্ৰী মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতিক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা চেনাব ৰে'ল দলংখন অতি কঠিন প্রাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

May 5, 2025 8:02 PM

views 26

পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্যৰ অভিযোগত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে...

May 5, 2025 4:45 PM

views 46

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ ফলপ্রসূ প্রতিক্রিয়া

● জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যোৱা নিশা পাকিস্তানৰ সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও ফলপ্রসূ প্রতিক্রিয়া প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সূত্ৰ সমূহে জনোৱা মতে, জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাই অপ্ৰৰোচিত ক্ষুদ্র অস্ত্ৰৰ গুলীচালনাৰ আশ্ৰয় লয়। ভাৰতীয় সৈন্যই ইয়াৰ পাছত তৎক্ষণাত সঁহাৰি জনায়। কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।

April 25, 2025 9:17 PM

views 39

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ 

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ইয়াত থকা পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰে। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত আমাৰ দেশৰ পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ...

April 25, 2025 9:13 PM

views 28

শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ পর্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নর্ডান কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰ, সেনাবাহিনীৰ উপ-প্রধান লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু পঞ্চদশ ক'ৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্রীবাস্তৱো উপস্থিত থাকে।ইয়াৰ পূৰ্বে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শ্রীদ্বিৱেদী আজি পুৱা শ্ৰীনগৰত উপস্থিত ...

April 23, 2025 8:54 PM

views 17

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ প্ৰতি শ্ৰদ্ধাৰ লগতে ঘটনাৰ প্ৰতিবাদৰূপে লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন

কাশ্মীৰৰ পেহেলগামত কালি সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে এই ঘটনাৰ প্ৰতিবাদৰূপে আজি লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন কৰা হয়। বন্ধৰ সময়ছোৱাত অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ থাকে। লেহৰ পাৰ্বত্য পৰিষদে মুখ্য কাৰ্যবাহী কাউন্সিল টাশি গেল্যিশ্বনৰ অধ্যক্ষতাত এখন শোকসভা অনুষ্ঠিত কৰাৰ লগতে এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত ২ মিনিট সময় মৌন প্রার্থনা কৰে৷ ইপিনে, লাডাখ বুদ্ধিষ্ট এছোছিয়েছন, অঞ্জুমান ইমামিয়া, অঞ্জুমান মইন ...

April 23, 2025 8:50 PM

views 4

পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবঃ ৰাজনাথ সিঙ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ৰম্যভূমি বেইচ্‌ণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা - এন আই এয়ে ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী - আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে, এই সন্ত্...