October 1, 2024 12:51 PM

views 20

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ভোটদান অব্যাহত আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটদাতাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধ...

September 29, 2024 12:19 PM

views 31

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এই পৰ্যায়ত অহা মঙলবাৰে ৪০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই ৪০ খন আসনৰ ভিতৰত ১৬ খন কাশ্মীৰ মণ্ডলৰ আৰু ২৪ খন আসন জম্মু অঞ্চলৰ। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৬১ শতাংশৰো অধিক আৰু দ্বিতীয় পৰ্যায়ত ৫৬ শতাংশৰো অধিক ভোদটান হৈছিল।