June 2, 2025 8:00 PM

views 37

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে ৭০০ কুইণ্টল পশুখাদ্য বিতৰণ

কামৰূপ মহানগৰৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় ৭০০ কুইণ্টল খাদ্য বিতৰণ কৰা হয়। সমষ্টিটোৰ ধাৰাপুৰ, মাজিৰগাঁও, কেন্দুকুছি, আগচীয়া, গড়ল আৰু মির্জাপুৰৰ বিভিন্ন অঞ্চলত পশু খাদ্য বিতৰণ কাৰ্যসূচীত জালুকবাৰী সমজিলাৰ আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী আজাৰা ৰাজহচক্ৰৰ চক্ৰবিষয়া অপ্রতিম গোস্বামী আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে।

February 14, 2025 6:30 PM

views 31

জালুকবাৰীৰ গোটানগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী ছাত্রী গুৰুতৰভাৱে আহত

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী ছাত্রী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটীক মহটীয়াই নিয়াৰ ফলত প্ৰফুল্ল দাস নামৰ লোকজন থিতাতে নিহত হয়। সম্প্রতি ছাত্রী তিনিগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইপিনে বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ থিতাতে নিহত হয়। মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে ছাত্ৰজনক খুন্দিয়াই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জা...

January 7, 2025 8:04 PM

views 34

জালুকবাৰী উৰণসেতুৰ সমীপত ন’ বাছ ষ্টপ, ন’ পার্কিং আৰু ন’ ভেণ্ডিং জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জালুকবাৰী উৰণসেতুৰ সমীপত হোৱা অস্বাভাৱিক যান-জঁট দূৰ কৰাৰ বাবে এই সমগ্ৰ অঞ্চলটো ন’ বাছ ষ্টপ, ন' পার্কিং আৰু ন’ ভেণ্ডিং জ’ন হিচাপে ঘোষণা কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ ড° জীৱন কৃষ্ণ গোস্বামীয়ে আজি এই মৰ্মে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি জালুকবাৰী উৰণ সেতুৰ ওপৰত সকলোধৰণৰ অকর্তৃত্বশীল পার্কিং, অকর্তৃত্বশীল পথ ব্যৱসায় আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অকৰ্তৃত্বশীলভাৱে যাত্রীবাহী বাহন ৰখোৱা কাৰ্যক অবৈধ বুলি ঘোষণা কৰা হৈছে।

November 5, 2024 2:09 PM

views 27

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা চাৰে ৯ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্রী অজন্তা নেওগ মুখ্য অতিথি ...

November 4, 2024 7:00 PM

views 39

অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র

আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হ'ব। আজি গুৱাহাটী প্ৰেছক্লাবত আয়োজিত এখন সংবাদমেলত আয়োজক সমিতিয়ে জনোৱা অনুসৰি আয়ুৰ্বেদৰ শেহতীয়া অগ্ৰগতি শীৰ্ষক বিষয়বস্তুৰে হ'বলগীয়া আলোচনাচক্ৰখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন কেইবাগৰাকীও আয়ুৰ্বেদিক চিকিৎসক আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিব। দেশৰ ১৯ খ...

November 4, 2024 6:53 PM

views 26

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ সমাধিস্থলীত ভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কাইলৈ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠান আৰু ১১.৩০ বজাৰপৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে মহানগৰীৰ চচলত সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে।

September 5, 2024 9:05 PM

views 34

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ কার্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ললিত শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে আয়োগে ভাৰতীয় উদ্যমিতা প্ৰ...

August 19, 2024 9:15 PM

views 21

গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অভিযানত কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰৰ জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনক দৰং জিলাৰ ফইজুল হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে ফইজুলৰ ছয়মাইলৰ বাসগৃহত তালাচী চলাই এযোৰ আৰক্ষীৰ পোছাক, পৰিচয় পত্ৰ, বেজ আৰু এটা পুতলা পিষ্টল জব্দ কৰে। উল্লেখ্যযোগ্য যে, চি বি আই বিষয়া ডেনিছ হাজৰিকা বুলি ভুৱা পৰিচয় দি ফয়াজুলে বহু লোকক ধন দাবী কৰাৰ লগতে চাকৰিৰ প্রলোভন দি অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিব...