February 12, 2025 8:12 PM

views 43

মহানগৰীৰ বিভিন্ন স্থানত গুৱাহাটী জল ব’র্ডৰ ৰবটিক জৰীপৰ কাম আৰম্ভ

গুৱাহাটী জল ব’র্ডে ইয়াৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ৰবটিক জৰীপৰ কাম আৰম্ভ কৰিছে। আজি মহানগৰীৰ খাৰঘুলিত জল ব’র্ডে কাৰিকৰী বিশেষজ্ঞৰ সহায়ত এই ৰবটিক জৰীপ চলায়। এই জৰীপৰ জৰিয়তে ভৱিষ্যতে পানী পৰিবাহী নলীৰ ৱেল্ডিং অর্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্র আগতীয়াকৈ জানিব পৰা যাব। খাৰঘুলিৰ মূল জলাধাৰৰ সংযোগী বৃহৎ নলীত চলোৱা এই জৰীপৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত আজিৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। জল ব’র্ডে ১৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দ্বিতী...